ছূৰা 52 · জুজ 27

At-Tur · 52:16

اصْلَوْهَا فَاصْبِرُوا أَوْ لَا تَصْبِرُوا سَوَاءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ

তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

তাফছীৰ

এই জাহান্নামৰ জুইৰ গৰমৰ সোৱাদ লোৱা, তথা উপভোগ কৰা। তোমালোকে এই জুইৰ উত্তাপ সহ্য কৰা বা নকৰা, দুয়োটাই তোমালোকৰ বাবে সমান। আজি তোমালোকক সেই কুফৰী আৰু গুনাহৰ বাবেই শাস্তি বিহা হ’ব,যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক