ছূৰা 5 · জুজ 6

Al-Ma'idah · 5:39

فَمَنْ تَابَ مِنْ بَعْدِ ظُلْمِهِ وَأَصْلَحَ فَإِنَّ اللَّهَ يَتُوبُ عَلَيْهِ ۗ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ

এতেকে সীমালংঘন কৰাৰ পিছত কোনোবাই তাওবা কৰিলে আৰু নিজকে সংশোধন কৰিলে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

যিয়ে চুৰি কাৰ্যৰ পৰা তাওবা কৰিব আৰু নিজকে সংশোধন কৰিব, তেন্তে আল্লাহে নিজ অনুগ্ৰহত তাৰ তাওবা কবূল কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে। কিন্তু বিষয়টো যদি প্ৰশাসনৰ ওচৰত গৈ পায় তেন্তে তাওবা কৰিলেও শাস্তিৰ পৰা মুক্তি নাপাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক