ছূৰা 5 · জুজ 7
Al-Ma'idah · 5:116
وَإِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ أَأَنْتَ قُلْتَ لِلنَّاسِ اتَّخِذُونِي وَأُمِّيَ إِلَٰهَيْنِ مِنْ دُونِ اللَّهِ ۖ قَالَ سُبْحَانَكَ مَا يَكُونُ لِي أَنْ أَقُولَ مَا لَيْسَ لِي بِحَقٍّ ۚ إِنْ كُنْتُ قُلْتُهُ فَقَدْ عَلِمْتَهُ ۚ تَعْلَمُ مَا فِي نَفْسِي وَلَا أَعْلَمُ مَا فِي نَفْسِكَ ۚ إِنَّكَ أَنْتَ عَلَّامُ الْغُيُوبِ
আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰইয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানা, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।
তাফছীৰ
স্মৰণ কৰা, ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি ক'ব, হে ঈছা ইবনে মৰিয়ম! তুমি মানুহক কৈছিলা নেকি যে, আল্লাহক এৰি মোক আৰু মোৰ মাতৃক উপাস্য কৰি লোৱা, তেতিয়া ঈছা আলাইহিছ ছালামে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰি ক'ব, সত্যৰ বাহিৰে এনেকুৱা কথা কোৱা মোৰ বাবে উচিত নহয়। ধৰি লোৱা হওঁক যদি মই কৈছো, তেন্তে তুমি সেই বিষয়ে নিশ্চিত ভাৱে জানা, কিয়নো কোনো বস্তু তোমাৰ পৰা গোপন নহয়। মোৰ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও তুমি অৱগত। কিন্তু তোমাৰ অন্তৰত কি আছে সেয়া মই নাজানো। কেৱল তুমিয়ে প্ৰত্যেক অদৃশ্য, প্ৰকাশ্য, অপ্ৰকাশ্য বিষয় সম্পৰ্কে জানা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক