ছূৰা 48 · জুজ 26
Al-Fath · 48:2
لِيَغْفِرَ لَكَ اللَّهُ مَا تَقَدَّمَ مِنْ ذَنْبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعْمَتَهُ عَلَيْكَ وَيَهْدِيَكَ صِرَاطًا مُسْتَقِيمًا
যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে,
তাফছীৰ
যাতে আল্লাহে আপোনাক এই বিজয়ৰ পূৰ্বৰ আৰু পিছৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে। আপোনাৰ ধৰ্মৰ সহায় কৰি তেওঁ যাতে আপোনাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰি দিব পাৰে। লগতে তেওঁ যাতে আপোনাক এনেকুৱা পোন পথ দেখুৱাব পাৰে, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। সেইটোৱে হৈছে ইছলামৰ সঠিক পথ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক