ছূৰা 47 · জুজ 26

Muhammad · 47:25

إِنَّ الَّذِينَ ارْتَدُّوا عَلَىٰ أَدْبَارِهِمْ مِنْ بَعْدِ مَا تَبَيَّنَ لَهُمُ الْهُدَى ۙ الشَّيْطَانُ سَوَّلَ لَهُمْ وَأَمْلَىٰ لَهُمْ

নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।

তাফছীৰ

নিশ্চয় যিসকলে ঈমানৰ পৰা আকৌ কুফৰী আৰু নিফাকলৈ উভতি গৈছে, অথচ সিহঁতৰ ওচৰত অজুহাত উত্থাপন কৰাৰ কোনো উপায় নাই, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কেও প্ৰমাণ স্পষ্ট হৈছে, সিহঁতৰ বাবে চয়তানেই কুফৰ আৰু নিফাকক শোভনীয় কৰি দিছে আৰু সহজ কৰি দিছে। তথা সিহঁতক ডাঙৰ আশা দি ৰাখিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক