ছূৰা 47 · জুজ 26
Muhammad · 47:22
فَهَلْ عَسَيْتُمْ إِنْ تَوَلَّيْتُمْ أَنْ تُفْسِدُوا فِي الْأَرْضِ وَتُقَطِّعُوا أَرْحَامَكُمْ
তেন্তে তোমালোকে এইটো বিচৰা নেকি যে, যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?
তাফছীৰ
তোমালোকৰ অৱস্থা দেখি এইটোৱে প্ৰতীত হয় যে, যদি তোমালোকে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা বিমুখ হোৱা তেন্তে নিশ্চয় তোমালোকে পৃথিৱীত কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিবা। লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰাত উদ্গনি দিবা, যিদৰে অজ্ঞতা যুগত তোমালোকৰ অৱস্থা আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক