ছূৰা 47 · জুজ 26
Muhammad · 47:14
أَفَمَنْ كَانَ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّهِ كَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ وَاتَّبَعُوا أَهْوَاءَهُمْ
যি ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহ শোভনীয় কৰি দিয়া হৈছে আৰু যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?
তাফছীৰ
যি ব্যক্তিৰ ওচৰত নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলিল আছে, তথা যিয়ে সঠিক জ্ঞান অনুসাৰে ইবাদত কৰে, তেনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰা হ’ব নেকি, যাৰ বেয়া কৰ্মবোৰক চয়তানে শোভনীয় কৰি দিছে, লগতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি মূৰ্ত্তিপূজাত লিপ্ত হৈছে আৰু বিভিন্ন গুনাহত পতিত হৈছে, লগতে ৰাছুলসকলক অস্বীকাৰ কৰিছে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক