ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:16

أُولَٰئِكَ الَّذِينَ نَتَقَبَّلُ عَنْهُمْ أَحْسَنَ مَا عَمِلُوا وَنَتَجَاوَزُ عَنْ سَيِّئَاتِهِمْ فِي أَصْحَابِ الْجَنَّةِ ۖ وَعْدَ الصِّدْقِ الَّذِي كَانُوا يُوعَدُونَ

এওঁলোকেই সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰো আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া সত্য প্ৰতিশ্ৰুতি।

তাফছীৰ

এনেকুৱা লোকৰ পৰাই আমি তেওঁলোকৰ সৎকৰ্মবোৰ কবূল কৰোঁ আৰু তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰোঁ, তেওঁলোকৰ ত্ৰুটিবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰোঁ। তেওঁলোক হৈছে জান্নাতীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক প্ৰদান কৰা এই প্ৰতিশ্ৰুতি হৈছে সত্য প্ৰতিশ্ৰুতি। নিশ্চিতৰূপে এইটো কাৰ্যকৰি হ’বই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক