ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:8

يَسْمَعُ آيَاتِ اللَّهِ تُتْلَىٰ عَلَيْهِ ثُمَّ يُصِرُّ مُسْتَكْبِرًا كَأَنْ لَمْ يَسْمَعْهَا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ

সি আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয়, তথাপিও সি ঔদ্ধত্যৰ সৈতে আকোৰগোজ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই। এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;

তাফছীৰ

কাফিৰ ব্যক্তিয়ে আল্লাহৰ আয়াতসমূহ শ্ৰৱণ কৰে যিবোৰ তাৰ সন্মুখত তিলাৱত কৰা হয়, তাৰ পিছতো সি সত্যৰ পৰা অহংকাৰ কৰি কুফৰ আৰু গুনাহৰ ওপৰত অবিচল থাকে। এনেকুৱা লাগে যেনিবা সি আল্লাহৰ আয়াত শুনাই নাই। এতেকে হে ৰাছুল! আপুনি তাক আখিৰাতৰ বেয়া পৰিণাম সম্পৰ্কে জনাই দিয়ক, অৰ্থাৎ তাৰ বাবে ৰৈ আছে কষ্টদায়ক শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক