ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:32

وَإِذَا قِيلَ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَالسَّاعَةُ لَا رَيْبَ فِيهَا قُلْتُمْ مَا نَدْرِي مَا السَّاعَةُ إِنْ نَظُنُّ إِلَّا ظَنًّا وَمَا نَحْنُ بِمُسْتَيْقِنِينَ

আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবো আৰু আমি নিশ্চিত নহয়’।

তাফছীৰ

যেতিয়া তোমালোকক কোৱা হৈছিল, নিশ্চয় আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্য যে, তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব তথা সিহঁতক প্ৰতিদান দান কৰিব, ইয়াত কোনো সন্দেহ নাই; লগতে কিয়ামত সংঘটিত হ’ব, ইয়াতো কোন সন্দেহ নাই, গতিকে ইয়াৰ বাবে প্ৰস্তুতি লোৱা। কিন্তু তোমালোকে তেতিয়া কৈছিলাঃ এই কিয়ামত কি? কিয়ামতৰ বিষয়ে আমি একো নাজানো? যদিও কিছু অনুমান হয় যে ই সংঘটিত হ’ব কিন্তু ইয়াক আমি পৰিপূৰ্ণৰূপে বিশ্বাস নকৰোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক