ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:28
وَتَرَىٰ كُلَّ أُمَّةٍ جَاثِيَةً ۚ كُلُّ أُمَّةٍ تُدْعَىٰ إِلَىٰ كِتَابِهَا الْيَوْمَ تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ
আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’।
তাফছীৰ
হে ৰাছুল! সেইদিনা আপুনি প্ৰত্যেক সম্প্ৰদায়ৰ লোকসকলক নিজৰ পৰিণামৰ প্ৰতীক্ষাত আঁঠুকাঢ়ি থকা অৱস্থাত দেখিবলৈ পাব। প্ৰত্যেক উম্মতকে সিহঁতৰ কৰ্মপুথিৰ পিনে আহ্বান কৰা হ’ব, যিখনক লিপিবদ্ধ কৰিছে সংৰক্ষণৰ বাবে নিয়োজিত ফিৰিস্তাসকলে। হে মানৱজাতি! আজি তোমালোকক পৃথিৱীত কৰা ভাল বেয়া কৰ্মৰেই প্ৰতিদান দিয়া হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক