ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:16

وَلَقَدْ آتَيْنَا بَنِي إِسْرَائِيلَ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ وَرَزَقْنَاهُمْ مِنَ الطَّيِّبَاتِ وَفَضَّلْنَاهُمْ عَلَى الْعَالَمِينَ

আৰু অৱশ্যে আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলো আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলো, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো।

তাফছীৰ

আমি বনী ইছৰাঈলক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু সেইমতে মানুহৰ মাজত মীমাংসা কৰাৰ নিৰ্দেশ দিছিলোঁ। তথা অধিকাংশ নবী আমি তেওঁলোকৰ মাজৰ পৰাই ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰ পৰা বনাইছিলোঁ। আমি তেওঁলোকক বিভিন্ন প্ৰকাৰৰ পৱিত্ৰ খাদ্য দান কৰিছিলোঁ। লগতে তেওঁলোকক সেইসময়ৰ লোকসকলৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰিছিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক