ছূৰা 45 · জুজ 25
Al-Jathiyah · 45:12
۞ اللَّهُ الَّذِي سَخَّرَ لَكُمُ الْبَحْرَ لِتَجْرِيَ الْفُلْكُ فِيهِ بِأَمْرِهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে। আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা।
তাফছীৰ
হে মানৱজাতি! একমাত্ৰ আল্লাহেই সাগৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তেওঁৰ আদেশত তাত নাও চলাচল কৰিব পাৰে। যাতে তোমালোকে তেওঁৰ অনুগ্ৰহত বৈধভাৱে উপাৰ্জন কৰিব পাৰা, তথা তোমালোকে যাতে আল্লাহৰ সেইবোৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, যিবোৰ তেওঁ তোমালোকক প্ৰদান কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক