ছূৰা 45 · জুজ 25

Al-Jathiyah · 45:10

مِنْ وَرَائِهِمْ جَهَنَّمُ ۖ وَلَا يُغْنِي عَنْهُمْ مَا كَسَبُوا شَيْئًا وَلَا مَا اتَّخَذُوا مِنْ دُونِ اللَّهِ أَوْلِيَاءَ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ

সিহঁতৰ সন্মুখত আছে জাহান্নাম; সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব, সিহঁতে আল্লাহৰ পৰিবৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও কোনো কামত নাহিব। সিহঁতৰ বাবে আছে মহা শাস্তি।

তাফছীৰ

সিহঁতৰ সন্মুখত আছে জাহান্নামৰ শাস্তি, যি শাস্তিয়ে আখিৰাতত সিহঁতৰ অপেক্ষা কৰি আছে। সিহঁতৰ উপাৰ্জিত সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সেই মূৰ্ত্তিবোৰেও কোনো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে মহাশাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক