ছূৰা 44 · জুজ 25
Ad-Dukhan · 44:37
أَهُمْ خَيْرٌ أَمْ قَوْمُ تُبَّعٍ وَالَّذِينَ مِنْ قَبْلِهِمْ ۚ أَهْلَكْنَاهُمْ ۖ إِنَّهُمْ كَانُوا مُجْرِمِينَ
(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলো। নিশ্চয় সিহঁত আছিল অপৰাধী।
তাফছীৰ
হে ৰাছুল! আপোনাক অস্বীকাৰ কৰা এই মুশ্বৰিকসকল, শক্তি আৰু নিয়ামতৰ ক্ষেত্ৰত অধিক উত্তম নে তুব্বা সম্প্ৰদায় অধিক উত্তম, তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকল যেনেঃ আদ আৰু ছামূদ সম্প্ৰদায়। সেই সকলোকে আমি ধ্বংস কৰিছোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক