ছূৰা 44 · জুজ 25
Ad-Dukhan · 44:18
أَنْ أَدُّوا إِلَيَّ عِبَادَ اللَّهِ ۖ إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
তাফছীৰ
মুছা আলাইহিচ্ছালামে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক কৈছিলঃ বনী ইছৰাঈলক মোৰ সৈতে যাবলৈ দিয়া। কাৰণ তেওঁলোক হৈছে আল্লাহৰ বান্দা। তেওঁলোকক দাসত পৰিণত কৰি ৰাখিবলৈ তোমাৰ কোনো অধিকাৰ নাই। নিশ্চয় মই তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। মোক যি বাৰ্তা পৌঁচাবলৈ আদেশ দিয়া হৈছে, সেই ক্ষেত্ৰত নিশ্চয় মই এজন বিশ্বস্ত ব্যক্তি। সেই বাৰ্তাত অলপো কম বেছি নকৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক