ছূৰা 41 · জুজ 25
Fussilat · 41:54
أَلَا إِنَّهُمْ فِي مِرْيَةٍ مِنْ لِقَاءِ رَبِّهِمْ ۗ أَلَا إِنَّهُ بِكُلِّ شَيْءٍ مُحِيطٌ
জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে সন্দেহত আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।
তাফছীৰ
জানি থোৱা! এই মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰাৰ কাৰণে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পতিত হৈ আছে। সেইকাৰণেই সিহঁতে আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে আৰু সিহঁতে সৎকৰ্ম আদিৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতিও নলয়। জানি থোৱা! নিশ্চয় আল্লাহে তেওঁৰ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক