ছূৰা 41 · জুজ 24

Fussilat · 41:28

ذَٰلِكَ جَزَاءُ أَعْدَاءِ اللَّهِ النَّارُ ۖ لَهُمْ فِيهَا دَارُ الْخُلْدِ ۖ جَزَاءً بِمَا كَانُوا بِآيَاتِنَا يَجْحَدُونَ

এই অগ্নি, আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান; তাত সিহঁতৰ বাবে আছে স্থায়ী আবাস, আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফলস্বৰূপ।

তাফছীৰ

জাহান্নামৰ এই প্ৰতিফল আল্লাহৰ সেইসকল শত্ৰুৰ প্ৰতিদান, যিসকলে তেওঁৰ সৈতে কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে তাত চিৰকাল থাকিব, সেই শাস্তি কেতিয়াও সমাপ্ত নহ’ব। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। স্পষ্ট তথা সুদৃঢ় প্ৰমাণৰ পিছতো সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক