ছূৰা 40 · জুজ 24
Ghafir · 40:50
قَالُوا أَوَلَمْ تَكُ تَأْتِيكُمْ رُسُلُكُمْ بِالْبَيِّنَاتِ ۖ قَالُوا بَلَىٰ ۚ قَالُوا فَادْعُوا ۗ وَمَا دُعَاءُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ
তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় অৱশ্যে আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।
তাফছীৰ
জাহান্নামৰ প্ৰহৰিয়ে কাফিৰসকলক উত্তৰ দি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ অহা নাছিলনে”? কাফিৰসকলে ক’বঃ “হয়, নিশ্চয় তেওঁলোকে আমাৰ ওচৰলৈ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল”। তেতিয়া প্ৰহৰিয়ে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তেন্তে তোমালোকে নিজেই প্ৰাৰ্থনা কৰা, আমি কাফিৰসকলৰ বাবে মধ্যস্ততা নকৰোঁ”। কাফিৰসকলৰ প্ৰাৰ্থনা ব্যৰ্থ হোৱাটোৱেই নিশ্চিত। গ্ৰহণযোগ্য নোহোৱাৰ কাৰণ হৈছে সিহঁতে কুফৰী কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক