ছূৰা 40 · জুজ 24

Ghafir · 40:37

أَسْبَابَ السَّمَاوَاتِ فَأَطَّلِعَ إِلَىٰ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُ كَاذِبًا ۚ وَكَذَٰلِكَ زُيِّنَ لِفِرْعَوْنَ سُوءُ عَمَلِهِ وَصُدَّ عَنِ السَّبِيلِ ۚ وَمَا كَيْدُ فِرْعَوْنَ إِلَّا فِي تَبَابٍ

‘আকাশসমূহত আৰোহণৰ উপায়, যাতে মই মুছাৰ ইলাহক ভুমুকি মাৰি চাব পাৰো, অৱশ্যে মই তাক মিছলীয়া বুলিহে ভাবো’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰা হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল আৰু ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।

তাফছীৰ

যাতে মই মহাকাশত যাব পৰা কোনো পথ বিচাৰি পাওঁ, আৰু মুছাৰ উপাস্যজনক দেখিব পাৰোঁ, যাৰ বিষয়ে মুছাই ধাৰণা কৰে যে তেওঁ সত্য উপাস্য। নিশ্চয় মই মুছাক তেওঁৰ এই দাবীত মিছলীয়া বুলি ভাৱোঁ। এইদৰে ফিৰআউনৰ বাবে তাৰ বেয়া কৰ্মবোৰক শোভনীয় কৰি দিয়া হৈছিল, সেইকাৰণেই সি হামানক উক্ত আদেশ প্ৰদান কৰিছিল। তাক সত্য পথৰ পৰা আঁতৰাই অসত্য পথত পৰিচালিত কৰা হৈছিল। বাতিলক বিকশিত কৰা আৰু মুছাই লৈ অহা সত্যক পৰাস্ত কৰিবলৈ কৰা ফিৰআউনৰ চক্ৰান্ত বিনষ্ট হোৱাটোৱে নিশ্চিত আছিল। অৱশেষত তাৰ এই প্ৰয়াস বিফল হৈছিল আৰু সি এনেকুৱা দুৰ্ভাগ্যগ্ৰস্ত হৈছিল যিটো কেতিয়াও সমাপ্ত নহ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক