ছূৰা 40 · জুজ 24
Ghafir · 40:17
الْيَوْمَ تُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ ۚ لَا ظُلْمَ الْيَوْمَ ۚ إِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
আজি প্ৰত্যেককে তাৰ অৰ্জন অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
তাফছীৰ
আজি প্ৰত্যেক প্ৰাণীকেই নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়া হ’ব। কৰ্ম ভাল হ’লে, প্ৰতিফল ভাল পাব। আনহাতে বেয়া হ’লে, বেয়া প্ৰতিফল পাব। আজি কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কাৰণ ফয়চালাকাৰী হৈছে স্বয়ং আল্লাহ, তেওঁ সদায় ন্যায় ফয়চালা কৰে। নিশ্চয় আল্লাহ বান্দাসকলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী। কিয়নো তেওঁৰ জ্ঞানে সিহঁতক পৰিবেষ্টন কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক