ছূৰা 4 · জুজ 4

An-Nisa · 4:22

وَلَا تَنْكِحُوا مَا نَكَحَ آبَاؤُكُمْ مِنَ النِّسَاءِ إِلَّا مَا قَدْ سَلَفَ ۚ إِنَّهُ كَانَ فَاحِشَةً وَمَقْتًا وَسَاءَ سَبِيلًا

নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।

তাফছীৰ

আৰু সেইসকল নাৰীকো বিবাহ নকৰিবা, যাক তোমাৰ পিতৃয়ে নিকাহ কৰিছে, কিয়নো এয়া হাৰাম। আনহাতে যদি ইছলামপূৰ্বে কোনোবাই এনেকুৱা কৰ্মত লিপ্ত হৈছিল তেন্তে এই বিষয়ে তাৰ কোনো হিচাপ নহব। হাৰাম হোৱাৰ কাৰণটো হৈছে, পিতৃৰ পত্নীক পুত্ৰই বিবাহ কৰাটো এটা নিকৃষ্ট কৰ্ম। এনেকুৱা ব্যক্তিৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হয়, এনেকুৱা পথত পৰিচালিত ব্যক্তি বৰ বেয়া পথৰ পথিক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক