ছূৰা 4 · জুজ 6

An-Nisa · 4:171

يَا أَهْلَ الْكِتَابِ لَا تَغْلُوا فِي دِينِكُمْ وَلَا تَقُولُوا عَلَى اللَّهِ إِلَّا الْحَقَّ ۚ إِنَّمَا الْمَسِيحُ عِيسَى ابْنُ مَرْيَمَ رَسُولُ اللَّهِ وَكَلِمَتُهُ أَلْقَاهَا إِلَىٰ مَرْيَمَ وَرُوحٌ مِنْهُ ۖ فَآمِنُوا بِاللَّهِ وَرُسُلِهِ ۖ وَلَا تَقُولُوا ثَلَاثَةٌ ۚ انْتَهُوا خَيْرًا لَكُمْ ۚ إِنَّمَا اللَّهُ إِلَٰهٌ وَاحِدٌ ۖ سُبْحَانَهُ أَنْ يَكُونَ لَهُ وَلَدٌ ۘ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَكَفَىٰ بِاللَّهِ وَكِيلًا

হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু নকৰিবা (সীমা চেৰাই নাযাবা) আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নকবা। মাৰইয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণী, যিটো তেওঁ মাৰইয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা আৰু তিনি বুলি নকবা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহ হৈছে এজন ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্মবিধায়কৰূপে আল্লাহেই যথেষ্ট।

তাফছীৰ

হে ৰাছুল! আপুনি ইঞ্জীল ধাৰী ইয়াহুদীসকলক কৈ দিয়ক, নিজ ধৰ্ম সংক্ৰান্তত সীমা অতিক্ৰম নকৰিবা, আৰু আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা লগতে ঈছা আলাইহিচ ছালাম সম্পৰ্কে সত্যৰ বাহিৰে আন একো নকবা। মৰিয়ম পুত্ৰ ঈছা আলাইহিচ ছালাম আল্লাহৰ ৰাছুল, তেওঁক আল্লাহে সত্য সহকাৰে প্ৰেৰণ কৰিছিল। আল্লাহে তেওঁক এটা শব্দৰ দ্বাৰা সৃষ্টি কৰিছে, যিটো আল্লাহে জিব্ৰীলৰ জৰিয়তে মৰিয়মৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আৰু সেই শব্দটো আছিল “কুন” অৰ্থাৎ হৈ যা, ফলত হৈ গল। দৰাচলতে এয়া আল্লাহৰ ফালৰ পৰা এটা ফুঁ আছিল, যিটো জিব্ৰীলে আল্লাহৰ আদেশত ফুৱাইছিল। এতেকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সকলৰ ওপৰত কোনো ধৰণৰ ভেদাভেদ নকৰি ঈমান পোষণ কৰা। আৰু উপাস্য তিনিজন বুলি নকবা। এনেকুৱা মিছা আৰু নিকৃষ্ট কথাৰ পৰা বিৰত থাকা, তেতিয়াহে পৃথিৱী আৰু আখিৰাতত কল্যাণ পাবা। কেৱল আল্লাহেই একমাত্ৰ উপাস্য, তেওঁ পুত্ৰ তথা অংশীদাৰৰ পৰা পৱিত্ৰ। তেওঁৰ কোনো বস্তুৰ প্ৰয়োজন নাই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই অধীন। তথা আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক