ছূৰা 4 · জুজ 6
An-Nisa · 4:152
وَالَّذِينَ آمَنُوا بِاللَّهِ وَرُسُلِهِ وَلَمْ يُفَرِّقُوا بَيْنَ أَحَدٍ مِنْهُمْ أُولَٰئِكَ سَوْفَ يُؤْتِيهِمْ أُجُورَهُمْ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁ সিহঁতক প্ৰতিদান দিব আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
আনহাতে যিসকলে ঈমান আনিছে আৰু আল্লাহক একক বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন কৰা নাই, লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতিও ঈমান পোষণ কৰিছে, আৰু কাফিৰসকলৰ দৰে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা নাই, আল্লাহে এইসকল লোকক তেওঁলোকৰ ঈমান আৰু নেক কৰ্মৰ বৰ ডাঙৰ প্ৰতিদান দান কৰিব। আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাশীল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক