ছূৰা 4 · জুজ 4
An-Nisa · 4:15
وَاللَّاتِي يَأْتِينَ الْفَاحِشَةَ مِنْ نِسَائِكُمْ فَاسْتَشْهِدُوا عَلَيْهِنَّ أَرْبَعَةً مِنْكُمْ ۖ فَإِنْ شَهِدُوا فَأَمْسِكُوهُنَّ فِي الْبُيُوتِ حَتَّىٰ يَتَوَفَّاهُنَّ الْمَوْتُ أَوْ يَجْعَلَ اللَّهُ لَهُنَّ سَبِيلًا
আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়া লৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।
তাফছীৰ
তোমালোকৰ যিসকল মহিলাই ব্যভিচাৰ কৰিব, তাই বিবাহিত হওঁক অথবা অবিবাহিত, সিহঁতৰ বিপক্ষে চাৰিজন পুৰুষ সাক্ষী উপস্থিত কৰা, যিসকল মুছলিম তথা সত্যবাদী হব লাগিব। যদি তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ শাস্তি স্বৰূপে ঘৰত বন্দী কৰি থোৱা, অৱশেষত যাতে মৃত্যুৱে সিহঁতৰ জীৱন ধ্বংশ কৰে নাইবা আল্লাহে সিহঁতৰ বাবে শাস্তিৰ আন কোনো উপায় নিৰ্ধাৰণ কৰি দিব। জানি থোৱা উচিত যে, আল্লাহে ইয়াৰ বিকল্প উপায় নিৰ্ধাৰণ কৰি দিছে। এতেকে এতিয়া যদি অবিবাহিত নাৰীয়ে ব্যভিচাৰ কৰে তেন্তে তাইৰ শাস্তি হৈছে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ। আনহাতে বিবাহিত হলে শিল দলিয়াই মৃত্যু প্ৰদানৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক