ছূৰা 4 · জুজ 5

An-Nisa · 4:131

وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَلَقَدْ وَصَّيْنَا الَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلِكُمْ وَإِيَّاكُمْ أَنِ اتَّقُوا اللَّهَ ۚ وَإِنْ تَكْفُرُوا فَإِنَّ لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۚ وَكَانَ اللَّهُ غَنِيًّا حَمِيدًا

আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছো যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। আমি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলক আদেশ দিছিলো আৰু স্বয়ং তোমালোককো আদেশ দিছিলো যে, আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। যদি তোমালোকে এই আদেশ অমান্য কৰা, তেন্তে তোমালোকৰ নিজৰ বাহিৰে আন কাৰো ক্ষতি নহব। কিয়নো আল্লাহ তোমালোকৰ ইবাদতৰ মুখাপেক্ষী নহয়। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰে মালিক, তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী আৰু তেওঁ নিজৰ সকলো গুণাৱলী আৰু কৰ্মৰ কাৰণে মহাপ্ৰশংসিত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক