ছূৰা 4 · জুজ 5

An-Nisa · 4:129

وَلَنْ تَسْتَطِيعُوا أَنْ تَعْدِلُوا بَيْنَ النِّسَاءِ وَلَوْ حَرَصْتُمْ ۖ فَلَا تَمِيلُوا كُلَّ الْمَيْلِ فَتَذَرُوهَا كَالْمُعَلَّقَةِ ۚ وَإِنْ تُصْلِحُوا وَتَتَّقُوا فَإِنَّ اللَّهَ كَانَ غَفُورًا رَحِيمًا

আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ঢলি নপৰিবা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

হে পতিসকল! তোমালোকে ইচ্ছা থকা সত্তেও আন্তৰিকতাৰ ক্ষেত্ৰত স্ত্ৰীসকলৰ মাজত পূৰ্ণ ন্যায় কৰিব নোৱাৰিবা। ইয়াৰ কিছুমান কাৰণ তোমালোকৰ ইচ্ছাৰ বাহিৰত। এতেকে যি গৰাকী স্ত্ৰী তোমাৰ পছন্দ নহয়, তাইৰ লগত ওলোমাই থোৱাৰ দৰে ব্যৱহাৰ নকৰিবা যে, তাই যাতে বিবাহিত মহিলাৰ অধিকাৰো নাপায় আৰু অবিবাহিত নাৰীৰ দৰে বিবাহৰ ইচ্ছাও কৰিব নোৱাৰে। যদি তোমালোকে নিজৰ মাজৰ ব্যৱহাৰ ঠিক ৰাখা আৰু অনিচ্ছা সত্ত্বেও স্ত্ৰীৰ অধিকাৰসমূহ পূৰণ কৰা লগতে স্ত্ৰী বিষয়ত আল্লাহক ভয় কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, তেওঁ তোমালোকৰ প্ৰতি কৃপা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক