ছূৰা 39 · জুজ 24
Az-Zumar · 39:65
وَلَقَدْ أُوحِيَ إِلَيْكَ وَإِلَى الَّذِينَ مِنْ قَبْلِكَ لَئِنْ أَشْرَكْتَ لَيَحْبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ الْخَاسِرِينَ
অৱশ্যে তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু অৱশ্যে তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।
তাফছীৰ
হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি আৰু আপোনাৰ পূৰ্বে অহা ৰাছুলসকলৰ প্ৰতি এই অহী প্ৰেৰণ কৰিছে যে, যদি আপুনি আল্লাহৰ সৈতে আনৰ ইবাদত কৰে তেন্তে আপোনাৰ সকলো নেক কৰ্মৰ ছোৱাব বিনষ্ট হৈ যাব। তথা আপুনি পৃথিৱীত ক্ষতিগ্ৰস্তসকলৰ তালিকাভুক্ত হ’ব, কাৰণ আপুনি দ্বীন পালনত বিফল হৈছে, আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক