ছূৰা 39 · জুজ 23

Az-Zumar · 39:5

خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۖ يُكَوِّرُ اللَّيْلَ عَلَى النَّهَارِ وَيُكَوِّرُ النَّهَارَ عَلَى اللَّيْلِ ۖ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ يَجْرِي لِأَجَلٍ مُسَمًّى ۗ أَلَا هُوَ الْعَزِيزُ الْغَفَّارُ

তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকই এটা নিৰ্ধাৰিত সময় লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।

তাফছীৰ

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক এটা মহৎ উদ্দেশ্য অনুযায়ী সৃষ্টি কৰিছে; অনৰ্থক সৃষ্টি কৰা নাই, যিদৰে অন্যায়কাৰীসকলে মন্তব্য কৰে। তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়। এতেকে এই দুটাৰ যিকোনো এটাৰ আগমনত আনটো বিলুপ্ত হৈ যায়। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰিব অৰ্থাৎ এই জীৱনৰ অন্তলৈকে। জানি থোৱা! পৱিত্ৰ আল্লাহ মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক