ছূৰা 39 · জুজ 24

Az-Zumar · 39:42

اللَّهُ يَتَوَفَّى الْأَنْفُسَ حِينَ مَوْتِهَا وَالَّتِي لَمْ تَمُتْ فِي مَنَامِهَا ۖ فَيُمْسِكُ الَّتِي قَضَىٰ عَلَيْهَا الْمَوْتَ وَيُرْسِلُ الْأُخْرَىٰ إِلَىٰ أَجَلٍ مُسَمًّى ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ

আল্লাহেই জীৱসমূহৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত কৰে তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময় লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষনা কৰে।

তাফছীৰ

আল্লাহেই সেইসমূহ প্ৰাণ হৰণ কৰি লয়, যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হৈছে। আনহাতে যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হোৱা নাই, সেইবোৰক তেৱেঁই আয়ত্বত ৰাখে টোপনিৰ সময়ত। এতেকে যিবোৰৰ ক্ষেত্ৰত তেওঁ মৃত্যুৰ সিদ্ধান্ত লৈছে সেইবোৰ প্ৰাণক তেওঁ ৰাখি দিয়ে, আৰু যিবোৰৰ বিষয়ে তেওঁ সিদ্ধান্ত লোৱা নাই সেইবোৰক তেওঁৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে এৰি দিয়ে। নিশ্চয় এইবোৰৰ মাজত অৰ্থাৎ প্ৰাণবোৰক ধৰি ৰখা, এৰি দিয়া, তথা মৃত্যু প্ৰদান আৰু জীৱনদান আদিৰ মাজত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে এই বিষয়লৈ চিন্তা-চৰ্চা কৰে যে, যি সত্ত্বাই এইবোৰ কৰিবলৈ সক্ষম তেওঁ নিশ্চয় হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে মানুহৰ মৃত্যুৰ পিছত সিহঁতক পুনৰুত্থিত কৰিবলৈও সক্ষম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক