ছূৰা 39 · জুজ 24
Az-Zumar · 39:39
قُلْ يَا قَوْمِ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنِّي عَامِلٌ ۖ فَسَوْفَ تَعْلَمُونَ
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰে তোমালোকে জানিবলৈ পাবা,
তাফছীৰ
হে ৰাছুল! আপুনি কওক, হে মোৰ জাতিৰ লোকসকল! তোমালোকে শ্বিৰ্কৰ যি অৱস্থাক পছন্দ কৰি লৈছা, সেইমতেই আমল কৰি থাকা। আনহাতে ময়ো মোৰ প্ৰতিপালকৰ আদেশ অনুযায়ী আমল কৰিম, লগতে মানুহক তাওহীদৰ পিনে আৰু নিৰ্ভেজাল ইবাদতৰ পিনে আহ্বান কৰি থাকিম। অনতিপলমে তোমালোকে জানিব পাৰিবা, কোন পথৰ কি পৰিণাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক