ছূৰা 39 · জুজ 23
Az-Zumar · 39:31
ثُمَّ إِنَّكُمْ يَوْمَ الْقِيَامَةِ عِنْدَ رَبِّكُمْ تَخْتَصِمُونَ
তাৰ পিছত কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।
তাফছীৰ
ইয়াৰ পিছত হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত সেইসমূহ বিষয়কলৈ বিতৰ্ক কৰিবা যিবোৰকলৈ তোমালোকে মতভেদ কৰিছিলা। তেতিয়া স্পষ্ট হৈ পৰিব, সত্য কোন আৰু অসত্য কোন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক