ছূৰা 39 · জুজ 23

Az-Zumar · 39:29

ضَرَبَ اللَّهُ مَثَلًا رَجُلًا فِيهِ شُرَكَاءُ مُتَشَاكِسُونَ وَرَجُلًا سَلَمًا لِرَجُلٍ هَلْ يَسْتَوِيَانِ مَثَلًا ۚ الْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, আৰু আন এজন মানুহ, যিজন কেৱল এজন মনিবৰ অনুগত; এই দুজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

তাফছীৰ

আল্লাহে মুশ্বিৰক আৰু তাওহীদপন্থী ব্যক্তিৰ বিষয়ে এটা উদাহৰণ দাঙি ধৰিছে। উদাহৰণস্বৰূপে এনেকুৱা এজন ব্যক্তি যাৰ কেইবাজনো মালিক আছে, যিসকলে পৰস্পৰে বিবাদ কৰে। এজনক সন্তুষ্ট কৰিলে আনজন অসন্তুষ্ট হৈ পৰে। ফলত সেই ব্যক্তি সদায় ভাৰাক্ৰান্ত, পৰিশ্ৰান্ত হৈ থাকে। আনহাতে এনেকুৱা এজন ব্যক্তি আছে, যাৰ মালিক কেৱল এজনেই। সেই ব্যক্তিয়ে নিজৰ মালিকৰ সকলো সংকেত বুজি পায়। ফলত ব্যক্তিজন সদায় শান্তিত থাকে। এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নাজানে। এইকাৰণেই সিহঁতে আল্লাহৰ সৈতে অন্যান্য বস্তুক অংশীদাৰ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক