ছূৰা 39 · জুজ 23

Az-Zumar · 39:22

أَفَمَنْ شَرَحَ اللَّهُ صَدْرَهُ لِلْإِسْلَامِ فَهُوَ عَلَىٰ نُورٍ مِنْ رَبِّهِ ۚ فَوَيْلٌ لِلْقَاسِيَةِ قُلُوبُهُمْ مِنْ ذِكْرِ اللَّهِ ۚ أُولَٰئِكَ فِي ضَلَالٍ مُبِينٍ

আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা নূৰৰ ওপৰত আছে, (সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেই কঠোৰ হৃদয় ব্যক্তিসকলৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ! সিহঁত স্পষ্ট বিভ্ৰান্তিত আছে।

তাফছীৰ

আল্লাহে যাৰ বুকু ইছলামৰ বাবে উন্মুক্ত কৰি দিছে, তথা যিয়ে হিদায়ত লাভ কৰিছে, লগতে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰাপ্ত জ্যোতিৰ ওপৰত প্ৰতিষ্ঠিত, তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা কঠোৰ হৃদয়ত পৰিণত হৈছে? এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। এতেকে মুক্তি কেৱল হিদায়তপ্ৰাপ্ত লোকসকলৰ বাবে। আনহাতে ক্ষতিগ্ৰস্ত সেইসকল লোক, যিসকলৰ অন্তৰ স্মৰণৰ পৰা কঠোৰ হৈ পৰিছে। সেইসকল লোকেই সত্যৰ পৰা প্ৰকাশ্য বিভ্ৰান্তিত পতিত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক