ছূৰা 39 · জুজ 23

Az-Zumar · 39:2

إِنَّا أَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ فَاعْبُدِ اللَّهَ مُخْلِصًا لَهُ الدِّينَ

নিশ্চয় আমি তোমাৰ ওচৰত এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছো। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।

তাফছীৰ

হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত থকা সকলো সংবাদ সত্য, তথা ইয়াৰ মাজত থকা সকলো বিধি-বিধান ন্যায়সংগত। গতিকে আপুনি নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ ইবাদত কৰক। শ্বিৰ্কৰ পৰা বিৰত থাকি তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক