ছূৰা 37 · জুজ 23
As-Saffat · 37:149
فَاسْتَفْتِهِمْ أَلِرَبِّكَ الْبَنَاتُ وَلَهُمُ الْبَنُونَ
এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’?
তাফছীৰ
হে মুহাম্মদ! মুশ্বৰিকসকলৰ অভিযোগ খণ্ডন কৰিবলৈ সিহঁতক সোধক, তোমালোকে আল্লাহৰ বাবে কন্যা সন্তান সাব্যস্ত কৰা অথচ তোমালোকে নিজৰ বাবে কন্যা সন্তান অপছন্দ কৰা, এইটো কেনেকুৱা চিন্তা ধাৰা? আনহাতে নিজৰ বাবে তোমালোকে পুত্ৰ সন্তান পছন্দ কৰা। এইটো কি ধৰণৰ ভাগ-বতৰা?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক