ছূৰা 37 · জুজ 23

As-Saffat · 37:102

فَلَمَّا بَلَغَ مَعَهُ السَّعْيَ قَالَ يَا بُنَيَّ إِنِّي أَرَىٰ فِي الْمَنَامِ أَنِّي أَذْبَحُكَ فَانْظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَا أَبَتِ افْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِي إِنْ شَاءَ اللَّهُ مِنَ الصَّابِرِينَ

এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীল সকলৰ অন্তৰ্ভুক্ত পাব’।

তাফছীৰ

ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰ অন্তৰ্ভুক্ত পাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক