ছূৰা 36 · জুজ 23
Ya-Sin · 36:75
لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُنْدٌ مُحْضَرُونَ
কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।
তাফছীৰ
সিহঁতে গ্ৰহণ কৰা এই অসত্য উপাস্যবোৰে স্বয়ং নিজৰো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতকো উপকাৰ কৰিব নোৱাৰিব যিসকলে সেইবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। এতেকে সিহঁতে আৰু সিহঁতৰ মূৰ্ত্তিবোৰ আটায়ে জাহান্নামত উপস্থিত হ'ব আৰু প্ৰত্যেকে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক