ছূৰা 36 · জুজ 23

Ya-Sin · 36:72

وَذَلَّلْنَاهَا لَهُمْ فَمِنْهَا رَكُوبُهُمْ وَمِنْهَا يَأْكُلُونَ

আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছো। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।

তাফছীৰ

আমি সেই জন্তুবোৰক সিহঁতৰ অধীনস্থ কৰি দিছোঁ আৰু সেইবোৰক সিহঁতৰ বশীভূত কৰিছোঁ তথা সিহঁতৰ আদেশ মতে চলিব পৰা বনাই দিছোঁ। এতেকে সিহঁতে সেইবোৰৰ কিছুমানক পৰিবহন হিচাপে ব্যৱহাৰ কৰে তথা সেইবোৰৰ পিঠিত বয়-বস্তু বহন কৰি লৈ যায়, আৰু কিছুমানৰ সিহঁতে মাংস ভক্ষণ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক