ছূৰা 36 · জুজ 23
Ya-Sin · 36:60
۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَا بَنِي آدَمَ أَنْ لَا تَعْبُدُوا الشَّيْطَانَ ۖ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
তাফছীৰ
মই তোমালোকক মোৰ ৰাছুলসকলৰ দ্বাৰা আদেশ দিয়া নাছিলোনে তথা এই উপদেশ দিয়া নাছিলোনে যে, হে আদম সন্তান! বিভিন্ন প্ৰকাৰৰ কুফৰী আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ তোমালোকে চয়তানৰ অনুসৰণ নকৰিবা। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। তেনেক্ষেত্ৰত এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ নিজৰ প্ৰকাশ্য শত্ৰুৰ অনুসৰণ কৰিব, যাৰ শত্ৰুতা সম্পৰ্কে সি অৱগত!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক