ছূৰা 36 · জুজ 23
Ya-Sin · 36:52
قَالُوا يَا وَيْلَنَا مَنْ بَعَثَنَا مِنْ مَرْقَدِنَا ۜ ۗ هَٰذَا مَا وَعَدَ الرَّحْمَٰنُ وَصَدَقَ الْمُرْسَلُونَ
সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও সত্যহে কৈছিল’।
তাফছীৰ
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছুলসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক