ছূৰা 36 · জুজ 23
Ya-Sin · 36:47
وَإِذَا قِيلَ لَهُمْ أَنْفِقُوا مِمَّا رَزَقَكُمُ اللَّهُ قَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا أَنُطْعِمُ مَنْ لَوْ يَشَاءُ اللَّهُ أَطْعَمَهُ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ مُبِينٍ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।
তাফছীৰ
শত্ৰুতা পোষণ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তোমালোকক যি ধন-সম্পদ দান কৰিছে, সেইবোৰৰ দ্বাৰা দুখীয়া-দৰিদ্ৰসকলক সহায় কৰা। তেতিয়া সিহঁতে মুমিনসকলক উত্তৰ দি কয়ঃ আমি সিহঁতক কিয় খোৱাম, যিসকলক আল্লাহে ইচ্ছা কৰিলে নিশ্চয় খোৱাব পাৰে? আনহাতে আমিতো তেওঁৰ ইচ্ছাৰ বিপৰীত কোনো কাম কৰা নাই। হে মুমিনসকল! প্ৰকৃতপক্ষে তোমালোকেই স্পষ্ট বিভ্ৰান্তিত পতিত হৈ আছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক