ছূৰা 35 · জুজ 22
Fatir · 35:4
وَإِنْ يُكَذِّبُوكَ فَقَدْ كُذِّبَتْ رُسُلٌ مِنْ قَبْلِكَ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাবৰ্তিত হ’ব।
তাফছীৰ
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে তেন্তে ধৈৰ্য্য ধাৰণ কৰক। কাৰণ আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক তেওঁৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছে। বৰং আপোনাৰ পূৰ্বেও ৰাছুলসকলক তেওঁলোকৰ সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল; যেনে- আদ, ছামূদ আৰু লূত সম্প্ৰদায়। সকলো বিষয় একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। অৱশেষত তেৱেঁই অস্বীকাৰকাৰীসকলক ধ্বংস কৰিব। তথা তেওঁৰ ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক