ছূৰা 35 · জুজ 22
Fatir · 35:29
إِنَّ الَّذِينَ يَتْلُونَ كِتَابَ اللَّهِ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً يَرْجُونَ تِجَارَةً لَنْ تَبُورَ
নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে ব্যয় কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়া ধ্বংস নহয়।
তাফছীৰ
যিসকল লোকে আল্লাহৰ গ্ৰন্থ তিলাৱত কৰে, যিখন আমি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, আৰু তাত থকা বিধান মতে তেওঁলোকে আমল কৰে, লগতে পৰিপূৰ্ণৰূপে আৰু উত্তমভাৱে চালাত আদায় কৰে, তথা আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ, তাৰ পৰা তেওঁলোকে যাকাত প্ৰদান কৰে। লগতে প্ৰকাশ্য আৰু গোপনেও দান খয়ৰাত কৰে। তেওঁলোকে দৰাচলতে এইবোৰ আমলৰ জৰিয়তে আল্লাহৰ সৈতে এনেকুৱা ব্যৱসায় কৰে, যি ব্যৱসায়ত ক্ষতি হোৱাৰ কোনো আশংকা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক