ছূৰা 35 · জুজ 22
Fatir · 35:24
إِنَّا أَرْسَلْنَاكَ بِالْحَقِّ بَشِيرًا وَنَذِيرًا ۚ وَإِنْ مِنْ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٌ
নিশ্চয় আমি তোমাক সত্যসহ প্ৰেৰণ কৰিছো সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।
তাফছীৰ
হে ৰাছুল! আমি আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছোঁ, ইয়াৰ মাজত কোনো সন্দেহ নাই। যাতে আপুনি মুমিনসকলক সেই উত্তম প্ৰতিদানৰ শুভ সংবাদ দিয়ে, যিটো আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। লগতে কাফিৰসকলক কষ্টদায়ক শাস্তিৰ পৰা সাৱধান কৰে। পূৰ্বৱৰ্তী উম্মতসকলৰ মাজৰ প্ৰত্যেক উম্মতৰ ওচৰতেই আল্লাহৰ ফালৰ পৰা একোজনকৈ ৰাছুল আহিছিল, যিজনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক