ছূৰা 35 · জুজ 22

Fatir · 35:2

مَا يَفْتَحِ اللَّهُ لِلنَّاسِ مِنْ رَحْمَةٍ فَلَا مُمْسِكَ لَهَا ۖ وَمَا يُمْسِكْ فَلَا مُرْسِلَ لَهُ مِنْ بَعْدِهِ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ

আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে সেয়া ৰোধ কৰিবলৈ কোনো নাই আৰু তেওঁ যিটো ৰোধ কৰে, তাৰ পিছত সেইটো মুকলি কৰিবলৈয়ো কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

তাফছীৰ

প্ৰকৃততে প্ৰত্যেক বস্তুৰ চাবি-কাঠি আছে আল্লাহৰ হাতত। এতেকে মানুহৰ বাবে জীৱিকা, হিদায়ত আৰু সুখ-শান্তি আদি যিবোৰ নিয়ামতৰ দুৱাৰ তেওঁ উন্মুক্ত কৰে, সেইটোক কোনেও বাধা দিব নোৱাৰে। আনহাতে তেওঁ যিটোক প্ৰতিৰোধ কৰে, সেইটোক উন্মক্ত কৰাৰো কাৰো ক্ষমতা নাই। তেওঁ মহাপ্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক