ছূৰা 35 · জুজ 22
Fatir · 35:18
وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۚ وَإِنْ تَدْعُ مُثْقَلَةٌ إِلَىٰ حِمْلِهَا لَا يُحْمَلْ مِنْهُ شَيْءٌ وَلَوْ كَانَ ذَا قُرْبَىٰ ۗ إِنَّمَا تُنْذِرُ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ بِالْغَيْبِ وَأَقَامُوا الصَّلَاةَ ۚ وَمَنْ تَزَكَّىٰ فَإِنَّمَا يَتَزَكَّىٰ لِنَفْسِهِ ۚ وَإِلَى اللَّهِ الْمَصِيرُ
আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহনৰ বাবে কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, সি নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।
তাফছীৰ
কোনো প্ৰাণীয়েই আন কোনো প্ৰাণীৰ পাপকৰ্মৰ বোজা বহন নকৰিব। বৰং প্ৰত্যেকেই নিজৰ নিজৰ গুনাহৰ বোজা নিজেই বহন কৰিব লাগিব। যদি কোনো প্ৰাণীয়ে পাপকৰ্মৰ বোজা বহন কৰিব নোৱাৰি অন্য কোনো প্ৰাণীক সহায় কৰিবলৈ আহ্বান কৰে, তথাপিও কোনো প্ৰাণীয়ে তাৰ বোজা বহন কৰিবলৈ প্ৰস্তুত নহ'ব। যদিও সি কোনো নিকট আত্মীয় নহওক কিয়। হে ৰাছুল! আপুনি কেৱল সেইসকল লোকক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাব পাৰে যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে, তথা পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। কাৰণ এওঁলোকেই হৈছে সেইসকল লোক, যিসকলে আপুনি পৌঁচাই দিয়া সতৰ্ক বাণীৰ দ্বাৰা উপকৃত হয়। এতেকে যিয়ে গুনাহৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব – (জানি থোৱা উচিত যে, আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক) - এই পৱিত্ৰতা সি নিজৰ বাবেই অৱলম্বন কৰিব। কিয়নো ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। কাৰণ তাৰ আনুগত্যৰ পৰা আল্লাহ অমুখাপেক্ষী। লগতে কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আল্লাহৰ ওচৰতেই উভতি যাব লাগিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক