ছূৰা 34 · জুজ 22
Saba · 34:54
وَحِيلَ بَيْنَهُمْ وَبَيْنَ مَا يَشْتَهُونَ كَمَا فُعِلَ بِأَشْيَاعِهِمْ مِنْ قَبْلُ ۚ إِنَّهُمْ كَانُوا فِي شَكٍّ مُرِيبٍ
সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।
তাফছীৰ
এই অস্বীকাৰকাৰী সকলক সিহঁতৰ চাহিদাৰ পৰা অৰ্থাৎ সুখী জীৱন, কুফৰীৰ পৰা তাওবা, জাহান্নামৰ পৰা মুক্তি, লগতে পাৰ্থিৱ জীৱনলৈ উভতি যোৱা আদিৰ পৰা বঞ্চিত কৰা হ'ব। যিদৰে ইহঁতৰ পূৰ্বে ইহঁতৰ দৰে লোকসকলক কৰা হৈছিল। সিহঁতেও ৰাছুলসকলে লৈ অহা বাৰ্তাৰ প্ৰতি, আল্লাহৰ তাওহীদৰ প্ৰতি আৰু আখিৰাতৰ জীৱনৰ প্ৰতি সন্দেহ পোষণ কৰিছিল। এনেকুৱা সন্দেহ যিটো কুফৰীত পতিত হোৱাৰ কাৰণ আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক