ছূৰা 34 · জুজ 22
Saba · 34:52
وَقَالُوا آمَنَّا بِهِ وَأَنَّىٰ لَهُمُ التَّنَاوُشُ مِنْ مَكَانٍ بَعِيدٍ
আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলো’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?
তাফছীৰ
সিহঁতে নিজৰ পৰিণাম দেখি ক’ব, আমি ঈমান আনিছোঁ কিয়ামত দিৱসৰ প্ৰতি। এতিয়া ঈমান পোষণ কৰাটো কেনেকৈ সম্ভৱ হ’ব পাৰে, অথচ ঈমান পোষণ কৰাৰ প্ৰকৃত স্থানক সিহঁতে পিছফালে এৰি থৈ আহিছে। পৃথিৱী হৈছে আমলৰ ঠাই, তাত হিচাপ-নিকাচ নাই। আনহাতে সিহঁতে আখিৰাতত প্ৰৱেশ কৰিছে, এইখন হৈছে প্ৰতিদান পোৱাৰ ঠাই, এইখন আমলৰ স্থান নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক