ছূৰা 34 · জুজ 22

Saba · 34:4

لِيَجْزِيَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ ۚ أُولَٰئِكَ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ

যাতে তেওঁ প্ৰতিদান দিয়ে তেওঁলোকক যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।

তাফছীৰ

আল্লাহে লওহে মাহফুজত যি যি লিপিবদ্ধ কৰি ৰাখিছে, তাৰ অন্যতম কাৰণ হৈছে যাতে সেই অনুপাতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক আৰু সৎকৰ্ম কৰা লোকসকলক তেওঁ প্ৰতিদান দিব পাৰে। এনেকুৱা লোকৰ বাবেই আল্লাহৰ ওচৰত আছে গুনাহৰ মাগফিৰাত। তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ'ব। তথা তেওঁলোকৰ বাবে আছে উত্তম জীৱিকা, অৰ্থাৎ কিয়ামতৰ দিনা জান্নাতত সেইবোৰ তেওঁলোকে লাভ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক